আই এম এ অসমৰ স্বাস্থ্য মন্ত্রীলৈ প্ৰেৰণ কৰা প্ৰত্ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ

98

ষ্টাফৰিপৰ্টাৰ, আই এম এ অসমৰ স্বাস্থ্য মন্ত্রীলৈ প্ৰেৰণ কৰা প্ৰত্ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা ভিডিও বাৰ্তা যোগে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় ” মঙলবাৰে আই এম এ ৰ প্ৰত্ৰই প্ৰমাণ কৰিলে যে স্বাস্থ্য বিশেষজ্ঞ সকলক চুড়ান্ত অৱজ্ঞা কৰি কৰ’না সংক্ৰমণ নিয়ন্ত্ৰণৰ নামত স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শর্মাই অসমত one man show চলাই আছে। তেওঁৰ one man show ৰ দ্বাৰা কৰ’নাৰ বিৰুদ্ধে যুদ্ধ জয় কৰিব নোৱাৰি । আমি চৰকাৰক আহ্বান জনাইছো অনতিপলমে এখন Expert Committee গঠন কৰক। পূর্বেও আমি এই কথা কৈছিলো। অসমেই বোধহয় একমাত্র এনে ৰাজ্য য’ত এনে Expert Committee নাই।
অসম চৰকাৰে ICMR কে ধৰি স্বাস্থ্য সম্বন্ধীয় প্ৰখ্যাত সংস্হা সমূহৰ নীতি-নিৰ্দেশনা কঠোৰভাৱে পালন কৰক।স্বাস্থ্য বিষয়ক সকলো বিষয় হিমন্ত বিশ্বৰ কথামতে চলিলে সমস্যাৰ সমাধান নহ’ব।
চৰকাৰে বিশেষজ্ঞ, ডাক্তৰ, নাৰ্ছ, স্বাস্থ্য কৰ্মী, চৰকাৰী কৰ্মচাৰীৰ লগতে নাগৰিক সমাজ, বিভিন্ন স্বেচ্ছাসেৱী সংগঠন,স্কাউট গাইড, এন চি চি, সংবাদ মাধ্যম,বিৰোধী দল আদি সকলোকে বিশ্বাসত লৈ একত্রিতভাৱে যুঁজিব লাগিব। তেতিয়াহে আমি কৰ’না মহামাৰীক পৰাভূত কৰিবলৈ সক্ষম হ’ম। লক ডাউনৰ এই সময়ছোৱাত অতি দুৰ্ভাগ্যজনক ভাৱে চৰকাৰৰ কৃষি, যোগান, পৰিবহন, ৰাজহ আদি বিভাগ সমূহৰ মাজত সু-সমন্বয়ৰ চুড়ান্ত অভাৱ। যাৰ বিষম পৰিণাম ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে। আমি সকলোৱে এই জটিল সন্ধিক্ষণত চৰকাৰক সহায় সহযোগ কৰিবলৈ সদা প্ৰস্তুত । কিন্তু, চৰকাৰৰ ফালৰ পৰাহে কোনো ইতিবাচক সঁহাৰি নাই। আমি সকলোৱে মিলি-জুলি একত্রিতভাৱেহে এই মহামাৰীক পৰাভূত কৰিব পাৰিম। কোনোবাই যদি এককভাৱে one man show কৰি কৰ’না পৰাভূত কৰিম বুলি ভাবিছে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে। এই মুহূর্তত অসমৰ মুখ্যমন্ত্রী গৰাকীয়েও যিধৰণে নিজৰ কৰ্তব্য আৰু দায়িত্ব সুচাৰুৰূপে পালন কৰিব লাগিছিল সেয়া কৰাত তেওঁ সম্পূর্ণৰূপে ব্যর্থ হৈছে। এই জটিল সন্ধিক্ষণত চৰকাৰখনক সন্মুখৰ পৰা নেতৃত্ব প্রদান কৰাক চূড়ান্তভাৱে বিফল হৈছে মুখ্যমন্ত্রী সোণোৱাল।”