আইপিএলৰ প্ৰথমখন খেলত ধোনী বাহিনীৰ ৰোমাঞ্চকৰ জয়

105

ডিজিটেল ডেস্কঃ এক ৰোমাঞ্চকৰ জয়েৰে ডুবাইত অনুষ্ঠিত হৈ থকা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথমখন খেলত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ সক্ষম হ’ল মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাই চুপাৰ কিংগছে। শনিবাৰে ৰোহিত শৰ্মাৰ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা খেলখনত চেন্নাই চুপাৰ কিংগছে ১৬৩ ৰানৰ লক্ষ্য ভংগ কৰি খেল সমাপ্ত হ’বলৈ ৪টা বল বাকী থকা অৱস্থাত বিজয়ী সাবস্ত্য কৰিবলৈ সক্ষম হয়।

চেন্নাই চুপাৰ কিংগছৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে অম্বতি ৰায়ুডুয়ে। খেলখনত ৰায়ুডুৱে ৭১ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ফাফ ডু প্লেছিছে সংগ্ৰহ কৰে ৫৮ ৰান। খেলৰ অন্তলৈকে চেন্নাই চুপাৰ কিংগছে হেৰুৱায় ৫টা উইকেট। ইফালে প্ৰথমে বেটিং কৰা মুম্বাই ইণ্ডিয়ানছৰ হৈ দলীয় স্ক’ৰত সৰ্বাধিক ৰান যোগ দিয়ে যুৱ খেলুৱৈ সৌৰভ তিৱাৰীয়ে। ইয়াৰোপৰিও কুইন্টন ডে ক’কয়ে যোগ দিয়ে ৩৩ ৰান।

উল্লেখ্য যে, কোভিড-১৯ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আইপিএল ভাৰতৰ পৰিৱৰ্তে ইউএইত অনুষ্ঠিত কৰা হৈছে। কেইবাটাও নীতি নিয়মৰ মাজেৰে শনিবাৰে অৰ্থাৎ ১৯ ছেপ্তেম্বৰত আৰম্ভ হোৱা আইপিএলৰ চূড়ান্ত খেলখনত অহা ১০ নৱেম্বৰত অনুষ্ঠিত হ’ব।