আইন বৰ্হিভূত পিএছঅ’ ৰাখিব নোৱাৰে আৰক্ষী বিষয়াইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

130

মন্ত্ৰী-বিধায়কৰ পিএছঅ’ কৰ্তন কৰাৰ পিছত এইবাৰ আৰক্ষী বিষয়াৰ পিএছঅ’ কৰ্তনক লৈ পদক্ষেপ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম আৰক্ষীত চলি অহা পিএছঅ’ৰ অশুভ পৰম্পৰাৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে লৈছে সিদ্ধান্ত।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি এতিয়াৰে পৰা অতিৰিক্ত, আইন বৰ্হিভূত পিএছঅ’ ৰাখিব নোৱাৰে আৰক্ষীয়ে৷ চৰকাৰী খৰচত নিয়োজিত পিএছঅ’ক আৰক্ষীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব নিজ গৃহত৷

ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধান, প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক তথা বেটেলিয়ান কামাণ্ডেণ্টলৈ জৰুৰী পত্ৰ প্ৰেৰণ কৰি ১০ দিনৰ ভিতৰত কোনে, ক’ত, কিমান বেটেলিয়ান জোৱান ৰাখিছে, তাৰ উত্তৰ বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইফালে মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তক আদৰণি জনাইছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তইও। তেওঁ কয়, ‘ৰাজনৈতিক মেৰপাকৰ পৰা এতিয়া আৰক্ষী মুক্ত৷ সেয়ে বিনাদ্বিধাই মুখ্যমন্ত্ৰীৰ এনে সিদ্ধান্ত কাৰ্য্যকৰী কৰিবলৈ সক্ষম হম৷’

উল্লেখ্য যে, ৰাজ্যত ইতিমধ্যে ৭০০গৰাকী পিএছঅ’ প্ৰত্যাহাৰ কৰিছে মন্ত্ৰী-বিধায়কে৷ মুখ্যমন্ত্ৰীয়ে ২ হাজাৰ পিএছঅ’ক মুক্ত কৰাৰ লক্ষ্য লৈছে৷