আইজলত প্ৰায় ৩০ কোটি মূল্যৰ ড্ৰাগছ জব্দ

111

অপৰাধ অনুসন্ধান বিভাগৰ (চিআইডি) এটা দলে মিজোৰামৰ আইজলত ৩০ কোটি টকাৰ এক লাখ মেথাম্ফেটামিন টেবলেট জব্দ কৰে।

নিৰ্দিষ্ট তথ্যৰ ভিত্তিত চিআইডিৰ দলটোৱে সোমবাৰে নিশা আইজলৰ ভাইভাকৱন চুবুৰীয়া অঞ্চলৰ জোহনুয়াই অঞ্চলত অভিযান চলাই এগৰাকী মহিলা সৰবৰাহকাৰীৰ দখলৰ পৰা নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰে।

মহিলাগৰাকী, যাৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই, ম্যানমাৰৰ সীমান্তৱৰ্তী চাম্ফাই জিলাৰ ফাৰকাৱন গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

জব্দ কৰা পাৰ্টি ড্ৰাগছৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত ৩০ কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

অন্যান্য সংযোগ উদ্ঘাটনৰ বাবে পৰৱৰ্তী অনুসন্ধান চলি আছে।