ঋতু পৰ্ণ শৰ্মা, নগাঁও: চলিত বৰ্ষৰ পহিলা মাঘৰ দিনটোত অনুষ্ঠিত নহয় আঁহতগুৰিৰ ঐতিহাসিক ম’হযুঁজ । এই কথা সদৰী কৰিছে আঁহতগুৰি ম’হযুঁজ সমিতিয়ে । ক’ভিডজনক পৰিস্থিতৰ প্ৰতি লক্ষ্য ৰাখি ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰিব পৰা নহ’ব বুলি সমিতিয়ে জনাইছে । সমিতিৰ বিষয়ববীয়াই সংবাদ মাধ্যমক জনোৱা মতে চলিত বৰ্ষত কোনো কাৰণতে আঁহতগুৰিত ম’হযুঁজ অনুষ্ঠিত নহয় । আমাৰ দুখ লাগিছে । কিয়নো ইয়াত অনানুষ্ঠনিকভাৱে ৭০ বছৰ ধৰি আৰু আনুষ্ঠানিকভাৱে ৫০বছৰ ম’হযুঁজ অনুষ্ঠিত হৈ আহিছে । এইবেলি আঁহতগুৰি ম’হযুঁজৰ সোণালী জয়ন্তী আছিল । ক’ভিড পৰিস্থিতিৰ বাবে ম’হযুঁজৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে । ষ্মৰ্তব্য যে আঁহতগুৰিৰ ম’হযুঁজ উপলক্ষে প্ৰতিবছৰে পহিলা মাঘৰ দিনটোৰ উপৰি ২৬ জানুৱাৰীত বেজবৰুৱা ক্ষেত্ৰখন লোকে লোকাৰণ্য হৈ পৰিছিল । বিভিন্ন ধৰ্ম,জাতি,সম্প্ৰদায়ৰ লোকৰ অংশ গ্ৰহণেৰে ম’হযুঁজস্থলীখন সম্প্ৰীতিৰ লীলাভূমিত পৰিণত হৈছিল । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগতে দেশী-বিদেশী পৰ্যটকৰ বাবেও অন্যতম আৰ্কষণ হৈ পৰছিল আঁহতগুৰিৰ ম’হযুঁজ । বিগত কেইটামান বছৰ ন্যায়লয়ৰ কঠোৰ নিষেধাজ্ঞা হেতুকে ম’হযুঁজখন সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা নাছিল । ইয়াৰ বিপৰীতে স্থানীয় ম’হৰ গৰাকী আৰু গোৱালসকলৰ উদ্যোগতহে ম’হযুঁজ অনুষ্ঠিত কৰা হৈছিল । চলিত বৰ্ষত তেওঁলোকৰ উদ্যোগত ইতিহাসপ্ৰসিদ্ধ আঁহতগুৰিৰ ম’হযুঁজৰ সোণালী জয়ন্তী আয়োজন কৰা হৈছিল যদিও ক’ভিড পৰিস্থিতিয়ে হেঙাৰ হৈ ঠিয় দিলে । সুদীৰ্ঘ ৭০বছৰৰ মূৰত এইবাৰ উকা হৈ ৰ’ব আঁহতগুৰিৰ বেজবৰুৱা ক্ষেত্ৰ নামৰ পথাৰখন । অৱশ্যে আঁহতগুৰিৰ ৰাইজ আৰু ম’হযুঁজ সমিতিয়ে চলিত বৰ্ষৰ ম’হযুঁজ অনুষ্ঠিত নহয় বুলি ঘোষণা কৰিলেও ম’হৰ গৰাকী আৰু গোৱালসকলে এই সন্দৰ্ভত কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।
Latest article
বিংগো!তেধেমেধেই গুৱাহাটীত বিহুৰ আমেজ আৰু সোৱাদেৰে আগবঢ়াইছে ‘জমনিৰ আড্ডা’
ৰঙালী বিহুৰ মাদকতাক উধিক জীপাল আৰু উজ্জীৱিত কৰি তোলাৰ মানসেৰে আইটিচিৰ বিংগো! তেধেমেধেই গুৱাহাটীৰ মাজমজিয়াত আৰম্ভ কৰিছে এক অনন্য অভিজ্ঞতাকেন্দ্ৰিক অনুষ্ঠান জমনিৰ আড্ডা। ১৪...
ভাৰতত মুকলি হ’ল ৰেডমি এ৫: এণ্ট্ৰি লেভেল স্মাৰ্টফোনৰ পট পৰিৱৰ্তক
জিয়াওমি ইণ্ডিয়াই মুকলি কৰিলে বহু প্ৰত্যাশিত ৰেডমি এ৫, এণ্ট্ৰি-লেভেল স্মাৰ্টফোন শাখাত এক নতুন মানদণ্ড স্থাপন কৰিছে। ১২০ হাৰ্জ হাই-ৰিফ্ৰেছ-ৰেট ডিচপ্লে, ৩২ মেগাপিক্সেল এআই ডুৱেল...
ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগৰ দ্বিতীয় ছিজনৰ বাবে মুকলি হ’ল ৰাইডাৰৰ পঞ্জীয়ন
ভাৰতৰ প্ৰিমিয়াৰ ফ্ৰেঞ্চাইজি ভিত্তিক ছুপাৰক্ৰছ প্লেটফৰ্ম ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ(আইএছআৰএল)-এ অধিক বৃহত্ আৰু অধিক ৰোমাঞ্চকৰ ছিজন ২ৰ বাবে সাজু হৈছে। ২০২৫ৰ ২৪ এপ্ৰিলত ৰাইডাৰ...