ষ্টাফৰিপৰ্টাৰ, পদত্যাগ নহয়, অৱসৰ ল’ব বিধায়ক শিলাদিত্য দেৱে। হোজাইত বিস্ফোৰক মন্তব্য বিজেপি বিধায়কজনৰ। শিলাদিত্য দেৱে কয়, ‘‘৩০ বছৰ বিজেপি কৰি মুখপাত্ৰৰ বাহিৰে একো পোৱা নাই। আমাৰ ভেল্যু নাই। মন্ত্ৰীৰ বাবে ষড়যন্ত্ৰ কৰা নাই। আমাৰ অভিজ্ঞতা আছে, কিন্তু পদবীৰ বাবে লবী কৰা নাই। ১০ মাহ–১ বছৰৰ ভিতৰত মোক হত্যা কৰা হ’ব। গতিকে আঁতৰি যোৱা ভাল বুলি অৱসৰ ল’ম।’’‘মই কোনো দলত যোগদান নকৰো। কিন্তু ৰাইজৰ কাম কৰি যাম। মই অকলে খোজ দিম, যুঁজ দিম, অকলে কাম কৰি যাম। ১৪ জুলাইত অৱসৰ ল’ম ভাৰতীয় জনতা পাৰ্টীৰ পৰা।দলৰ সভাপতিক ৱাটছ এপৰ জৰিয়তে অৱগত কৰিছো। কিন্তু সভাপতিয়ে ফোন উঠোৱা নাই।’’ – ক’লে শিলাদিত্য দেৱে।হোজাইৰ বিধায়কজনে কয় – ‘অসমত লীডাৰ নাই। সকলোৱে লীডাৰ হ’ব বিচাৰে। মই অনফিট গতিকে আঁতৰি যাম। মোনা লৈ ফুৰা ব্যক্তিজনে ধ্বংস কৰিছে বিজেপিক। ৰিপ’ৰ্ট কাৰ্ড অক্টোবৰ মাহত দি দিম। বিধায়ক হিচাপে থকা কৰ্তব্য পালন কৰি যাম। দলত কোনো ধৰণৰ কন্ট্র’ল নাই। মোনা লোৱাজন বহুত শক্তিশালী, তেওঁ অসম বিজেপিত বিভাজন কৰি ৰাখিছে। মোনা লৈ ৰাতি আহি যায় ঠায়ে ঠায়ে। ৰাজেন গোহাঁই, আৰ পি শৰ্মা, ৰমেন ডেকাক হত্যা কৰা হ’ল। এতিয়া মোনা লোৱা ব্যক্তিজনে মোক হত্যা কৰিব।’
Latest article
কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে বেগুচৰাইত মুকলি কৰিলে বিহাৰৰ সৰ্ববৃহৎ বস্ত্ৰ প্ৰশিক্ষণ আৰু উৎপাদন কেন্দ্ৰ
কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে আজি বিহাৰৰ বেগুচৰাইত উন্মোচন কৰিলে জীৱিকা দিদি প্ৰশিক্ষণ তথা উৎপাদন কেন্দ্ৰ, যি কেন্দ্ৰ বস্ত্ৰ খণ্ডৰে জড়িত গ্ৰাম্য মহিলাসকলক শক্তিশালী...
হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে সাজু হৈছে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিবলৈ
বিহুৰ পাছতেই এইবাৰ হাজাৰ হাজাৰ যুৱক- যুৱতীয়ে সাৰ্বজনীনভাৱে প্ৰদৰ্শন কৰিব ঝুমুৰ নৃৃত্য। অসমৰ ৮০০ খন চাহ বাগিচাৰ যুৱক-যুৱতীয়ে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিব। এডভান্টেজ...
আজিৰে পৰা আৰম্ভ সংসদৰ শীতকালীন অধিৱেশন
আজিৰে পৰা আৰম্ভ হ'ব সংসদৰ শীতকালীন অধিৱেশন । ২৫ দিন ধৰি চলিবগীয়া এই অধিৱেশন অহা ২০ ডিচেম্বৰত অন্ত পৰিব । যোৱা কালি এই সংসদীয়...