অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা বিশিষ্ট লেখক হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ বিয়োগ

65
  • অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা বিশিষ্ট লেখক হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ বিয়োগ।
  • নেমকেয়াৰ হস্পাতালত মৃত্যু হয় ভট্টাচাৰ্যৰ।
  • যোৱা সোমবাৰৰ পৰা মহানগৰীৰ নেমকেয়াৰ হস্পাতালত চিকিতসাধীন হৈ আছিল ভট্টাচাৰ্য।
  • একালৰ প্ৰাক্তন আই পি এছ বিষয়া তথা অসম আন্দোলনৰ বহু ঘটনাপ্ৰৱাহৰ আঁৰৰ ব্যক্তি আছিল ভট্টাচাৰ্য।
  • জাতীয় চেতনা আৰু সংগ্ৰামী সত্বাৰ গৰাকী হিৰণ্য ভট্টাচাৰ্য কেইবাবাৰো কাৰাবাসো খাটিব লগা হৈছিল।
  • আনকি অসম আৰক্ষীৰ উচ্চ পদ ত্যাগ কৰিছিল তেওঁ জাতিৰ বাবে।
  • বহুকেইখন উল্লেখযোগ্য গ্ৰন্থৰ প্ৰণেতা এইগৰাকী অসমহৈতেষী ইন্দিৰা গান্ধীক প্ৰশ্ন কৰা প্ৰথম গৰাকী অসমীয়া আছিল হিৰণ্য কুমাৰ ভট্টাচাৰ্য।