অৱশেষত অসম আহি পালে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ

85

ষ্টাফ ৰিপোৰ্টাৰ, ১২ মে’: অৱশেষত অসম আহি পালে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ৷ বিগত পাঁচ দিনত অন্তত জুবিন গাৰ্গ, পত্নী গৰিমা গাৰ্গ সহ আন দুজন সহযোগী গুৱাহাটীত আহি উপস্থিত হ’ল। তেওঁলোকক হোটেল ৰেডীছন ব্লুত হোম কোৱাৰিণ্টিন কৰা হৈছে। উল্লখ্য, লকডাউনৰ বাবে বহুদিন ধৰি মুম্বাইত আবদ্ধ হৈ আছিল শিল্পীগৰাকী৷ প্ৰায় ৫০ দিনৰ অন্তত পুনৰ আৰম্ভ হ’ল ৰে’ল চলাচল। মঙলবাৰৰ পৰা আংশিক ভাবে আৰম্ভ হ’ল যাত্ৰীবাহী ৰে’লৰ চলাচল। ২৫ মে’ৰ ভিতৰত প্ৰায় ১০ হাজাৰ লোক বহিঃৰাজ্যৰ পৰা অসমলৈ অহিব। ৰে’লযোগে উজনি অসমলৈ অহা লোকসকলৰ বাবে ডিব্ৰুগড়ত স্থাপন কৰা হ’ব জ’নেল স্ক্ৰীণিং চেণ্টাৰ।