দক্ষিণ শালমাৰা-মানকাচৰ জিলাত অৰুণোদয় আচনিৰ হিতাধিকাৰী বাচনিৰ নামত জালিয়াতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। প্ৰকৃত হিতাধিকাৰীক বাদ পেলাই ধনী লোকৰ নাম তালিকাত সন্নিবিষ্ট হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। এনে সময়তে জিলাখনৰ ঠাকুৰাণবাৰী গাওঁ পঞ্চায়তত জালিয়াতিৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।
