অৰুণাচল প্ৰদেশলৈ ফুৰিবলৈ গৈ মৃত্যুক সাৱটিলে অসমৰ ৪ বন্ধুৱে

307

অৰুণাচল প্ৰদেশলৈ ফুৰিবলৈ গৈ মৃত্যুক সাৱটিলে অসমৰ ৪ বন্ধুৱে।

টাৱাঙলৈ গৈ থকা অৱস্থাত দুৰ্গম পথৰ পৰা বাগৰি পৰি মৃত্যুক সাৱটি লয় যুৱক চাৰিজনে।

অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ অন্তৰ্গত ছেছা আৰু দিৰাঙৰ মাজত বিভিন্ন ৰাইডিং ক্লাবৰ পৰা অহা অসমৰ চাৰিজন যুৱক যোৱা ১৯ জুলাইৰ পৰাই নিৰুদ্দেশ হৈ আছিল।

২২ জুলাইত অৰ্থাৎ আজি অৰুণাচল আৰক্ষী আৰু স্থানীয় কৰ্তৃপক্ষৰ লগতে পৰিয়ালৰ সহযোগত তালাচী অভিযান চলাই চাৰিওজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে।

কুঁৱলীৰ বাবে পাহাৰৰ পৰা তলত বাগৰি পৰিছিল বাহনখন।

মূল পথৰ পৰা প্ৰায় ২০০ ফুট তলত পৰিছিল বাহনখন।

১৯ জুলাইত নগাঁৱৰ পৰা টাৱাঙলৈ গৈছিল যুৱককেইজন।

যুৱকেইজনৰ নাম নয়ন বসুমতাৰী, বেদান্ত বৰমহেলা, সঞ্জীৱ দাস আৰু হিৰক বড়ো বুলি চিনাক্ত কৰা হৈছে। মৃত যুৱককেইজন এজন সোণাপুৰৰ, দুজন নগাঁৱৰ আৰু এজন তেজপুৰৰ বুলি জানিব পৰা গৈছে।