অৰুণাচল প্ৰদেশত পুনৰ দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰ…

286

অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাৰ মিগিং গাঁৱত শুকুৰবাৰে পুৱা এখন এডভান্সড লাইট হেলিকপ্টাৰ (এ এল এইচ) দুৰ্ঘটনাগ্ৰস্ত হয়।

নিৰুদ্দেশ হোৱা লোকক বিচাৰি উলিয়াবলৈ অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে। দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

চলিত মাহৰ আৰম্ভণিতে অৰুণাচল প্ৰদেশৰ তামাঙৰ সমীপত ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ এগৰাকী পাইলট নিহত হোৱাৰ লগতে আন এজন আহত হয়।