অৰুণাচল প্ৰদেশত আটক আলফাৰ দুই স্বয়ম্ভূ কেডাৰ

399

অৰুণাচল প্ৰদেশত আটক আলফা স্বাধীনৰ দুই স্বয়ম্ভূ কেডাৰ।

অসম ৰাইফলছৰ খুনছা বেটেলিয়ান আৰু অৰুণাচল প্ৰদেশ আৰক্ষীৰ যুটীয়া অভিযানত আটক কেডাৰ দুজন।

টিৰাপৰ সৰু সিংহন গাঁৱত আত্মগোপন কৰি আছিল কেডাৰ দুজনে।

এই বিষয়ে গোপন খবৰ লাভ কৰি যৌথ অভিযান চলাইছিল অসম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীয়ে।

ধৃত কেডাৰ দুজনৰ নাম আলফা স্বাধীনৰ স্বয়ম্ভূ লেফটেনেন্ট ৰঞ্জু অসম ওৰফে হিমাংশু ভূঞা আৰু অৰিন্দম অসম ওৰফে মহন্ত বৰুৱা বুলি জানিব পৰা গৈছে।