অৰুণাচলৰ ৩ খন জিলাত ৬ মাহলৈ বৃদ্ধি AFSPAৰ ম্যাদ

115

অৰুণাচলৰ তিনিখন জিলাত ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰলৈ কাৰ্যকৰী হৈ থাকিব AFSPA আইন।

গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে এই জাননী।

ইয়াৰ উপৰিও অৰুণাচলৰ নামচাই আৰু মহাদেৱপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলতো সম্প্ৰসাৰণ কৰা হৈছে AFSPA।

অৰুণাচল প্ৰদেশৰ তিনিখন জিলাত ম্যাদ বৃদ্ধি কৰা হৈছে ৬ মাহলৈ।

তিৰাপ, চাংলাং আৰু লংডিঙত AFSPA আইনৰ ম্যাদ পুনৰ ৬ মাহলৈ বৃদ্ধি।

তিনিখন জিলা আৰু অসমৰ সীমান্তৱৰ্তী নামচাই আৰু মহাদেৱপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলবোৰক কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অশান্ত অঞ্চল হিচাপে ঘোষণা কৰিছে।