অৰুণাচলৰ ভয়ংকৰ ভূস্খলনত সন্ধানহীন সেনা জোৱানৰ মৃতদেহ ৫ দিন পিছত উদ্ধাৰ…

187

অৰুণাচল প্ৰদেশৰ টাৱাং ছেক্টৰত সংঘটিত হোৱা ভূমিস্খলনৰ ৫ দিনৰ পাছত শনিবাৰে উদ্ধাৰ হয় সন্ধানহীন হৈ থকা এগৰাকী সেনা জোৱানৰ মৃতদেহ।

প্ৰতিৰক্ষা বিভাগৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, ২৭ মাৰ্চত টাৱাং ছেক্টৰৰ ফৰৱাৰ্ড এলেকাত এক অভিযান চলি থকাৰ সময়তে সেনাবাহিনীৰ এটা জোৱানৰ দল প্ৰচণ্ড ভূস্খলনৰ সন্মুখীন হয়।

এই ঘটনাৰ সময়ত বাকী সকলোৱে কোনো ধৰণৰ গুৰুতৰ আঘাত নোহোৱাকৈ ৰক্ষা পৰে যদিও চুবেদাৰ এ. ধগাল ধ্বংসাৱশেষত আবদ্ধ হৈ পৰে আৰু তাৰ পিছত তৎক্ষণাত তেওঁক বিচাৰি উলিয়াবলৈ অনুসন্ধান অভিযান আৰম্ভ কৰা হয়।

মুখপাত্ৰগৰাকীয়ে কয় যে বিশেষজ্ঞ সঁজুলিৰে একাধিক দলে চাৰিদিন ধৰি ব্যাপক অনুসন্ধানৰ অন্তত ভূমিস্খলনস্থলীৰ পৰা ধগালৰ মৃতদেহ উদ্ধাৰ কৰি টাৱাঙৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়।

উল্লেখ্য যে, শ্বহীদ ধগাল মহাৰাষ্ট্ৰৰ ৰত্নগিৰি জিলাৰ নিৱাসী আছিল।