অৰুণাচলৰ পৰা অপহৃত ৪ কিশোৰীৰ গুৱাহাটীৰ ল’জত উদ্ধাৰ…

277

অসমৰ পৰা অপহৰণ হোৱা ৪ গৰাকী কিশোৰী উদ্ধাৰ হ’ল গুৱাহাটীৰ এখন ল’জত। দেওবাৰে অৰুণাচল আৰক্ষীয়ে অভিযান চলাই মহানগৰীৰ এখন ল’জৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় অৰুণাচলী কিশোৰী কেইগৰাকীক।

দেওবাৰে অৰুণাচল প্ৰদেশ আৰক্ষীয়ে অসম আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানত নাৰী সৰবৰাহ চক্ৰৰে জড়িত থকাৰ অভিযোগ এগৰাকী মহিলাকো আটক কৰে।

উল্লেখ্য যে, যোৱা ৮ ছেপ্টেম্বৰত অৰুণাচলৰ চাংলাং জিলাৰ দিয়ুন আৰক্ষী থানাত মানভূম অঞ্চলৰ পৰা ৪গৰাকী কিশোৰী সন্ধানহীন হোৱাৰ এজাহাৰ দাখিল কৰা হৈছিল।

ইয়াৰ পিছতে অৰুণাচল প্ৰদেশ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি কিশোৰী কেইগৰাকীৰ অৱস্থান অনুসন্ধান কৰে বুলি বিষয়াসকলে জনায়।

চাংলাঙৰ আৰক্ষী অধীক্ষক মিহিন গাম্বোৱে অসম আৰক্ষীৰ ডি আই জি পি প্ৰসান্ত চাংমাই আৰু দিছপুৰৰ ডি চি পি সুধাকাৰ সিঙৰ সৈতে যোগাযোগ কৰি নিৰুদ্দেশ হোৱা নাবালিকা কেইগৰাকীৰ সঠিক অৱস্থান উলিয়াবলৈ সক্ষম হয়।

আইনী আনুষ্ঠানিকতা আৰু প্ৰয়োজনীয় ব্যৱস্থা সম্পূৰ্ণ কৰাৰ পিছত উদ্ধাৰ হোৱা ছোৱালীকেইজনীক চাংলাঙৰ শিশু কল্যাণ সমিতিৰ জৰিয়তে অভিভাৱকৰ হাতত অৰ্পণ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।