অৰুণাচলৰ টিৰাপত খেলি থকাৰ সময়তে সংঘটিত হ’ল বিস্ফোৰণ, আহত ৩ শিশু

141

অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ লাজু চক্ৰৰ আপাৰ চিনহান গাঁৱত সংঘটিত হৈছে গ্ৰেণেড বিস্ফোৰণৰ ঘটনা। তিনিটি শিশুৱে এটা গ্ৰেণেডেৰে খেলি থকা সময়তে সংঘটিত হয় এই বিস্ফোৰণ। শনিবাৰে সংঘটিত এই বিস্ফোৰণত আহিত হয় শিশু তিনিটি।

জানিব পৰা মতে, শিশু কেইটিয়ে এটা পলিথিনিৰ ভিতৰত মেৰিয়াই থোৱা হেণ্ড গ্ৰেণেডটোৰ সৈতে খেলি থকাৰ সময়তে দুপৰীয়া সংঘটিত হয় বিস্ফোৰণ।

বিস্ফোৰণত আহত হোৱা শিশু কেইটিৰ বসয় ক্ৰমে ১০ বছৰ, ২ বছৰ আৰু চাৰে তিনি বছৰ।

অল ওলো ষ্টুডেণ্টছ ইউনিয়নৰ সভাপতি কামশোম টেপ্পাই জানিবলৈ দিয়া মতে, আহত ১০ বছৰীয়া শিশুটিক বৰ্তমান ডিব্ৰুগড় জিলাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। শিশুটিয়ে কঁকাল আৰু মূলত আঘাত পাইছে। আনহাতে আন দুটি শিশুৰ আঘাত গুৰুতৰ নহয় বুলি জানিব পৰা গৈছে।