অৰুণাচলৰ চাংলাত ২ আলফা (স্বা) কেডাৰৰ আত্মসমৰ্পণ

120

ম্যানমাৰ শিৱিৰৰ পৰা নামি অহা নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ দুজন কেডাৰে অৰুণাচলৰ চাংলাং জিলাৰ নামপঙত অসম আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিছে।

জানিব পৰা মতে, অসম আৰক্ষী আৰু অসম ৰাইফলছে আলফা (স্বা) আৰু এনএছচিএন (কে-ৱাই) কেডাৰৰ এটা দল ম্যানমাৰৰ পৰা ওলাই অহাৰ গোপন খবৰ লাভ কৰি চলোৱা অভিযানৰ সময়তে অৰুণাচলৰ চাংলাত আত্মসমৰ্পণ কৰে আলফা (স্বা)ৰ কেডাৰ দুজনে।

আত্মসমৰ্পণকাৰী কেডাৰ দুজনক জাগৰণ অসম আৰু ধনী অসম বুলি চিনাক্ত কৰা হৈছে। দুয়োজন কেডাৰে উপ মহাপৰিদৰ্শক (উত্তৰ-পূব ৰেঞ্জ) জিতমল দলেৰ সন্মুখত আত্মসমৰ্পণ কৰে।

এক সূত্ৰৰ খবৰ অনুসৰি, ম্যানমাৰ শিৱিৰৰ পৰা মুঠ ৭ জন আলফা (স্বা) আৰু এনএছচিএন (কে-ৱাই) কেডাৰ মৃগাংক অসমৰ নেতৃত্বত ওলাই আহিছিল। কিন্তু এই বিষয়ে অসম আৰক্ষীয়ে আগতীয়াকৈয়ে গোপন খবৰ লাভ কৰি চলোৱা অভিযানত ত্ৰস্ত হৈ আলফা কেডাৰ দুজনে আত্মসমৰ্পণ কৰে। অৱশ্যে বাকী কেইজন কেডাৰ ঘন জংঘলৰ মাজত আত্মগোপন কৰিবলৈ সক্ষম হয়।

ইফালে আত্মসমৰ্পণকাৰী কেডাৰ দুজনৰ পৰা দুটা এমকিউ ৮১ এছ’ল্ট ৰাইফল, মেগজিন, কেইবা জাই সজীৱ গুলী, বুলেটপ্ৰুফ জেকেট আৰু আন আন ব্যক্তিগত কিছু সামগ্ৰী উদ্ধাৰ কৰা হৈছে।

আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, কেডাৰ কেইজনে ধন দাবীৰ বাবে ম্যানমাৰ শিৱিৰৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল। আনহাতে আত্মগোপন কৰি থকা আন কেইজন কেডাৰৰ বিৰুদ্ধে এতিয়াও অভিযান অব্যাহত আছে।