অৰুণাচলৰ ঘন জংঘলত অব্যাহত আছে সেনা-আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযান।
মঙলবাৰে চাংলাং জিলাৰ খাৰছাংৰ পৰা ভাৰতীয় সেনাই এজন দুধৰ্ষ NSCN(R) ৰ সদস্যক আটক কৰে।
আটকাধীন সদস্য জনৰ নাম চাৰজেন্ট মেজৰ চেংজং কিমহোন।
আটকাধীন উগ্ৰপন্থী সদস্যৰ পৰা এটা পিষ্টল, এটা মেগজিন, ছয়জাই সক্রিয় গুলিৰ লগতে কিছু নথিপত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে সেনাই।
আটকাধীন সদস্য গৰাকী ২০১৯ চনত নগা বিদ্ৰোহী সংগঠনটোত যোগদান কৰা বুলি সেনা বাহিনীয়ে সদৰী কৰিছে।
ইতিমধ্যে আটকাধীন উগ্ৰপন্থী সদস্য গৰাকীক খাৰচাং আৰক্ষী থানাত গতাই দিছে৷