অৰুণাচলত ২ NSCN কেডাৰক আটক, বৃহৎ পৰিমাণৰ নগদ ধন জব্দ

91

অৰুণাচল প্ৰদেশৰ নামপংৰ লংকা গাঁৱত অসম ৰাইফলছ আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই দুজন সন্দেহযুক্ত এনএছচিএন কেডাৰক বৃহৎ পৰিমাণৰ নগদ ধনসহ আটক কৰিবলৈ সক্ষম হয়।

ধৃত এনএছচিএন কেডাৰ দুজনক ক্ৰমে- শোমজং মোচাং (২৮) আৰু ৰামপোই ৰণচুং (৩৪) বুলি চিনাক্ত কৰা হৈছে।

নিৰাপত্তাৰক্ষীয়ে যুৱক দুজনৰ পৰা প্ৰায় ৬ লাখ ৫০ হাজাৰ টকা নগদ ধন উদ্ধাৰ কৰে।