অৰুণাচলত অসমীয়া যুৱকৰ ওপৰত আক্ৰমণ দুৰ্বৃত্তৰ

107

অৰুণাচলৰ কিমিনিত অসমীয়া যুৱকৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। সোমবাৰে নিশা অৰুণাচলৰ কিমিনিত থকা বি এম হোটেলৰ স্বত্বাধিকাৰী জয়ন্ত তাঁতী আৰু হোটেলখনৰ কৰ্মচাৰী শিৱ মল্লিকৰ ওপৰত অৰুণাচলী দুৰ্বৃত্তই গুলীবৰ্ষণ কৰে। এই ঘটনাত গুৰুতৰভাৱে আহত হয় দুয়োজন।

জানিব পৰা মতে, জয়ন্ত তাঁতীৰ বুকু আৰু হাতত গুলী লগাৰ বিপৰীতে শিৱ মল্লিকৰ হাতত গুলী লাগে। সংকটজনক অৱস্থাত দুয়ো মালিক-কৰ্মচাৰীক নাহৰলগুনৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। দুৰ্বৃত্তৰ আক্ৰমণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ইফালে অসমীয়া যুৱকৰ ওপৰত অৰুণাচলত সংঘটিত আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে আটছা আৰু আছাই কিমিনিত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।