অহা ৩১ জুলাইৰ ভিতৰত ঘোষণা কৰা হব মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল। বৃহস্পতিবাৰে এক সংবাদমেল যোগে এই কথা জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। পৰীক্ষাৰ মূল্যাংকণ সন্দৰ্ভত গঠন কৰা কমিটীৰ প্ৰতিবেদনৰ ভিত্তিতেই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হব বুলিও জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে, এইবাৰ পৰীক্ষাৰ ফলাফলত ষ্টাৰ, ডিষ্টিংছন আদি নাথাকিব। তাৰ বিপৰীতে নৱম শ্ৰেণীৰ পৰীক্ষাৰ পৰা ৪০ শতাংশ, দশম শ্ৰেণীৰ পৰীক্ষাৰ পৰা ৪০ শতাংশ আৰু ২০ শতাংশ নম্বৰ শিক্ষকৰ দ্বাৰা নিৰূপণ কৰি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হব। আনহাতে যিসমূহ বিদ্যালয়ত দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাই, তেনে বিদ্যালয়ত ৭০ শতাংশ নম্বৰ নৱম শ্ৰেণীৰ পৰীক্ষাৰ পৰা ধাৰ্য্য কৰাৰ লগতে বাকী ৩০ শতাংশ নম্বৰ শিক্ষকৰ দ্বাৰা নিৰূপণ কৰা হব। বিশেষভাৱে সক্ষম শিক্ষাৰ্থীৰ ফলাফল বিদ্যালয়ে নিৰূপণ কৰি দিয়া ধৰণে হব বুলিও শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে জানিবলৈ দিয়ে।