অহা ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব বৰ্ষাপাৰাৰ ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলৰ টিকট বুকিং, জানক সৱিশেষ…

12833

গুৱাহাটীঃ অহা ২ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-২০ খেল।

ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ এই ৰোমাঞ্চকৰ খেলখনৰ অনলাইন টিকট বুকিং ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব BookMyShow ৱেবছাইট আৰু এপৰ জৰিয়তে।

এইবাৰ টিকটৰ নূন্যতম মূল্য হ’ব ৪৭৫ টকা, যিটো কেৱল ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত। আন আন দাম হ’ল ১৫০০ টকা, ২০০০ টকা, ৩৫০০ টকা, ৪০০০ টকা, আৰু ৬০০০ টকা।

বুকমাইশ্ব’ত দুটা পৰ্যায়ত টিকট বিক্ৰী কৰা হ’ব। প্ৰথম পৰ্যায়ত ১৬ ছেপ্টেম্বৰ শুকুৰবাৰে পুৱা ১১ বজাৰ পৰা আৰম্ভ কৰি ১৫ হাজাৰ টিকট বিক্ৰী কৰা হব। আৰু দ্বিতীয় পৰ্যায়ত ২৬ ছেপ্টেম্বৰত মুঠ ৫ হাজাৰ টিকট প্ৰদান কৰা হব। বৃহস্পতিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এইদৰে কয় এচিএৰ সম্পাদক দেৱজিত শইকীয়াই।

অহা ২৫ ছেপ্টেম্বৰৰ পৰা নেহৰু ষ্টেডিয়ামত টিকটৰ বাবে হাৰ্ডকপি উপলব্ধ হ’ব বুলিও উল্লেখ কৰিছে এচিএয়ে। ঘৰতে টিকট ডেলিভাৰী কৰাৰ উপায়ো সন্ধান কৰিব বুলি তেওঁলোকে জনায়।

ভাৰত বনাম দক্ষিণ আফ্ৰিকা টি২০ খেলৰ লাইভ একচন ধৰিব বিচৰা দৰ্শকে অনলাইনত গুৱাহাটী ক্ৰিকেট ষ্টেডিয়ামৰ টিকট বুকিং কৰিব পাৰিব।

অসম ক্ৰিকেট সন্থাই ঘোষণা কৰা ভাৰত—দক্ষিণ আফ্ৰিকা টি২০ মেচৰ বিস্তৃত টিকটৰ মূল্য তালিকা ইয়াত দিয়া হ’ল-

পশ্চিম ষ্টেণ্ড ২য় মহলা (কেৱল ছাত্ৰ-ছাত্ৰীৰ বাবে)–৪৭৫ টকা
পশ্চিম ষ্টেণ্ড ১ম মহলা–২০০০ টকা
পশ্চিম ষ্টেণ্ড গ্ৰাউণ্ড ফ্ল’ৰ – ৩০০০ টকা
ইষ্ট ষ্টেণ্ড ২য় মহলা—১৫০০ টকা
ইষ্ট ষ্টেণ্ড ১ম মহলা—২০০০ টকা
ইষ্ট ষ্টেণ্ড গ্ৰাউণ্ড ফ্ল’ৰ—৩,০০০ টকা
নৰ্থ ষ্টেণ্ড টপ ফ্ল’ৰ—২০০০ টকা
নৰ্থ ষ্টেণ্ড ২য় মহলা–৪০০০ টকা
নৰ্থ ষ্টেণ্ড গ্ৰাউণ্ড ফ্ল’ৰ–৩,৫০০ টকা
দক্ষিণ ষ্টেণ্ড শীৰ্ষ মহলা–২,০০০ টকা
দক্ষিণ ষ্টেণ্ড ২য় মহলা –৪,০০০ টকা
দক্ষিণ ষ্টেণ্ড ১ম মহলা –৬,০০০ টকা
দক্ষিণ ষ্টেণ্ড গ্ৰাউণ্ড ফ্ল’ৰ –৩,৫০০ টকা