অহা ২৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব অসম সত্ৰ মহাসভাৰ সমন্বয় যাত্ৰা

53

গুৱাহাটী: অহা ২৪ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা আৰম্ভ হ’ব অসম সত্ৰ মহাসভাৰ প্ৰস্তাৱিত সমন্বয় যাত্ৰা। পুৱা ১০ বজাত আনুষ্ঠানিকভাৱে এই সমন্বয় যাত্ৰাৰ শুভাৰম্ভণি ঘটাব অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীয়ে।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেেৱৰ সমন্বয়ৰ মহান আদৰ্শক পুনৰ প্ৰতিষ্ঠা কৰি ৰাজ্যৰ আজিৰ অস্থিৰ পৰিস্থিতিক শান্তিৰ ডোলেৰে বান্ধি তোলাৰ মহান উদ্দেশ্য সন্মুখত ৰাখি যোৱা বছৰেই অসম সত্ৰ মহাসভাই এই সমন্বয় যাত্ৰাৰ পৰিকল্পনা হাতত লৈছিল যদিও কোৰোনা পৰিস্থিতিৰ বাবে তাক বাস্তৱ ৰূপ দিয়াত বিলম্ব হৈছিল।

অহা ২৪ ডিচেম্বৰৰ পুৱা দুখন ট্ৰাকত গুৰুজনাৰ মহান সৃষ্টি নামঘৰৰ আৰ্হিত অস্থায়ী ভাৱে সুন্দৰ সুশোভিত ৰূপত সজাই পৰাই তাতে গুৰু আসন প্ৰতিষ্ঠা কৰি ভাগৱত স্থাপন কৰি পাঠ কৰাৰ ব্যৱস্থা কৰা হৈছে। যাত্ৰাত সহযোগ কৰি যাব অসম সত্ৰ মহাসভাৰ নিজা বাহন আৰু দুখন বাছত ভক্ত সকলৰ লগতে বিভিন্ন জনগোষ্ঠীৰ লোক সকলেও সহযোগ কৰিব। ২৪ ডিচেম্বৰৰ পৰা ১৩ দিনিয়াকৈ এই সমন্বয় যাত্ৰা কৰি অসমৰ উজনি নামনি সামৰি লোৱা হ’ব বুলি ইতিমধ্যে জানিবলৈ দিছে অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী আৰু প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই।