অহা সপ্তাহত মুখ্যমন্ত্ৰী পদ এৰিব বি এছ য়েদেয়ুৰাপ্পাই, নিজেই দিলে ইংগিত

108

ডিজিটেল ডেস্কঃ অতি শীঘ্ৰেই সলনি হব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী। দীৰ্ঘদিন ধৰি কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰ বাচনিক লৈ চলি থকা জল্পনা-কল্পনাৰ অৱশেষত নিজেই যেন অন্ত পেলাবলৈ ওলাইছে বৰ্তমানৰ মুখ্যমন্ত্ৰী বি এছ য়েদেয়ুৰাপ্পাই।

উল্লেখ্য যে, বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে ঘটা সম্পৰ্কৰ সংঘাটৰ বাবেই বি এছ য়েদেয়ুৰাপ্পাৰ ঠাইত নতুন মুখ্যমন্ত্ৰী বাচনি কৰাৰ সিদ্ধান্ত শীৰ্ষ নেতৃত্বই গ্ৰহণ কৰা বুলি চৰ্চা চলিছে। অহা ২৬ জুলাইত বি এছ য়েদেয়ুৰাপ্পাই মুখ্যমন্ত্ৰীৰূপে দুবছৰ কাল সম্পূৰ্ণ কৰিব। আৰু তাৰ পিছতে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ সম্ভাৱনা আছে।

ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব, সেয়া এতিয়া ঠিৰাং কৰা হোৱা নাই। শুকুৰবাৰে এক সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী বি এছ য়েদেয়ুৰাপ্পাই কয়, ‘কেন্দ্ৰীয় নেতৃত্বই যদি মোক আজিয়েই পদত্যাগ কৰিবলৈ কয়, তেন্তে মই আজিয়েই মুখ্যমন্ত্ৰীৰ পদ এৰিম আৰু এজন সাধাৰণ কৰ্মী হিচাপে বিজেপিৰ হৈ কাম কৰি যাম।’ তেওঁ লগতে পুনৰ কয়, ‘আপোনালোকে বিচাৰিলে মই মুখ্যমন্ত্ৰী হৈ থাকিম, কিন্তু যদি নিবিচাৰে তেন্তে মই এই পদ এৰিবলৈ সাজু। কিন্তু আজীৱন মই মোৰ দায়িত্ব পালন কৰি যাম।’

খবৰ অনুসৰি, মু্খ্যমন্ত্ৰী য়েদেয়ুৰাপ্পাৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ ওচৰত অভিযোগ উত্থাপন কৰিছে ইজনৰ পিছত সিজন কৰ্ণাটক বিজেপিৰ নেতা আৰু মন্ত্ৰীয়ে। যাৰ বাবে শীৰ্ষ নেতৃত্বৰ সৈতে য়েদেয়ুৰাপ্পাৰ দূৰত্ব বৃদ্ধি পাইছে।