অহা মাহত সম্পন্ন হোৱাৰ কথা আছিল দুয়োৰে বিবাহ! কিন্তু তাৰ পূৰ্বে দুৰ্ঘটনাত হেৰুৱালে প্ৰাণ

119

গুৱাহাটী:- দেওবাৰে নিশা শৰাইঘাট দলঙত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এহাল প্ৰেমিক দম্পত্তিয়ে। ছিপাঝাৰৰ মৰোৱাচুকীৰ পৰা গুৱাহাটী বিমানবন্দৰ অভিমুখে আহি থকা অৱস্থাত শৰাইঘাট দলঙৰ ৰেলিঙত খুন্দিয়াই ৫০ ফুট তলত বাগৰি পৰে AS 01 BF 0380 নম্বৰৰ ছুইফট বাহনখন। যাৰ ফলত চূৰ্ণ বিচুৰ্ণ হৈ পৰে বাহনখন।

ইফালে এই শোকাবহ পথ দুৰ্ঘটনাটোত থিতাতে মৃত্যুক আঁকোৱালি লয় ৰুমিজা বেগম (২৬) আৰু ফকৰুল ইছলাম (৩২) নামৰ প্ৰেমিক দম্পত্তিহালৰ। জানিব পৰা মতে দুয়োগৰাকী প্ৰেমিক-প্ৰেমিকাৰ অহা মাহত বিবাহ সম্পন্ন হোৱাৰ কথা আছিল। কিন্তু তাৰ পূৰ্বেই সংঘটিত এই পথ দুৰ্ঘটনাই দুয়োৰে জীৱন নাশ কৰে।

ইফালে দুৰ্ঘটনাস্থলীত নিশাই আৰক্ষীৰ দল উপস্থিত হৈ নিহত দুয়োজনৰে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে।