অহা বছৰৰ জুন মাহলৈকে বৃদ্ধি কৰা হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাৰ কাৰ্যকাল।
মঙলবাৰে এই ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা অমিত শ্বাহে।
শ্বাহে কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ সভাপতি নড্ডাৰ অধীনত ২০১৯ চনৰ তুলনাত বৃহৎ জনাদেশেৰে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত দলে জয়ী হ’ব বুলি মোৰ বিশ্বাস আছে।’
বিজেপিৰ অধ্যক্ষ হিচাপে নাড্ডাৰ তিনি বছৰীয়া কাৰ্যকাল ২০ জানুৱাৰীত সমাপ্ত হ’ব লাগিছিল।