অসুস্থ হোৱাৰ অভিনয় কৰিছে নেকি এছ আই কেলেংকাৰীৰ খলনায়ক অক্ষয় চান্দ বৈদ্যই…

83

গুৱাহাটী: গ্ৰেপ্তাৰ হোৱাৰ ভয় নে সঁচাকৈয়ে অসুস্থ এছ আই কেলেংকাৰীৰ খলনায়ক অক্ষয় চান্দ বৈদ্য? অক্ষয় টেলি কমিউনিকেশ্যনৰ স্বত্বাধিকাৰ অক্ষয় চান্দ বৈদ্যক আৰক্ষীয়ে বিচাৰি আছিল। কিন্তু হঠাৎ খবৰ আহিল বৈদ্য ভৰ্তি হৈ আছে মাৰোৱাৰী মেটাৰনিটী হাস্পতালত। কাৰণ- মধুমেহ আৰু স্নায়ুজনিত কাৰণত অসুস্থ অক্ষয় চান্দ।

ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ নামত সংঘটিত হোৱা বৃহৎ কেলেংকাৰীৰ অন্যতম খলনায়ক অক্ষয় চান্দ বৈদ্য। এইজনা ব্যৱসায়ীয়েই লাভ কৰিছিল এছ আই নিযুক্তিৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ছপা কৰাৰ দায়িত্ব। কিন্তু এই কেলেংকাৰীৰ কথা পোহৰলৈ অহাৰ পিছতে পলাতক হৈ পৰে অক্ষয় চান্দ বৈদ্য। চিআইডিয়ে বঙাইগাঁওস্থিত অক্ষয় কমিউনিকেশ্যনত তালাচী অভিযান চলোৱাৰ পিছতে ৰহস্যজনকভাৱে অগ্নিকাণ্ড সংঘটিত হৈছিল বৈদ্যৰ এটা গুদাম ঘৰত।

এইজন কেলেংকাৰীৰ খলনায়ক বৰ্তমান মাৰোৱাৰী মেটাৰনিটী হাস্পতালত ভৰ্তি হৈ থকাৰ খবৰেও সৃষ্টি কৰিছে ৰহস্যৰ। মধুমেহ আৰু স্নায়ু ৰোগৰ দোহাই দি সোমবাৰৰ পৰা হাস্পতালত ভৰ্তি হৈ থকা বৈদ্যই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ ভয়ত নতুন নাটক ৰচা বুলিও বহুজনে সন্দেহ কৰিছে। কিন্তু এই কথা স্পষ্ট যে অক্ষয় চান্দ বৈদ্যক জেৰা চলালে এছ আই কেলেংকাৰীৰ সৈতে জড়িত আৰু বহুতৰে নাম পোহৰলৈ আহিব। হয়তো পৰৱৰ্তী সময়ত চিআইডিৰ জালত পৰিব পাৰে বহু ৰৌ-বৰালী।

নিউজ ব্যুৰ’, নিউজ প্ৰ’