হঠাৎ অসুস্থ হৈ পৰা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক বৃহস্পতিবাৰে নিশা ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। মহানগৰীৰ গড়চুকস্থিত আয়ুৰসুন্দ্ৰা ছুপাৰস্পেচিয়েলিটী হাস্পতালত নিশা প্ৰায় ১০.৪৫ বজাত শিল্পীগৰাকীক ভৰ্তি কৰোৱা হয়।
জানিব পৰা মতে, উচ্চ ৰক্তচাপজনিত সমস্যাৰ বাবে অসুস্থ হৈ পৰা জুবিন গাৰ্গক হাস্পতালখনৰ তৃতীয় মহলাৰ SR12 কেবিনট বৰ্তমান চিকিৎসা চলাই থকা হৈছে। হাস্পতালখনৰ এটা বিশেষজ্ঞ চিকিৎসকৰ দলে শিল্পীগৰাকীৰ চিকিৎসা চলাই আছে। আনহাতে বৰ্তমান জুবিনৰ স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে।
