অসুস্থ অখিল গগৈৰ মাতৃক হাস্পতালত ভৰ্তি, পুত্ৰই নাপায় খবৰ

87

গুৱাহাটীঃ পুত্ৰ কাৰাৰুদ্ধ! ঘৰৰ ল’ৰাটো ঘৰলৈ ঘূৰি আহিব আহিব বুলি আৰু কিমান বাট চাব! কাহানিবাই চকু কেইটা ডাক্তৰৰ ওচৰত দেখুৱাব বুলি কথা দিছিল পুতেকে। অথচ ল’ৰাটোৱে নোৱাৰিলে। শেষত যেনিবা ইজনে সিজনে মিলি অস্ত্ৰোপচাৰটো কৰোৱালে।

এতিয়া চকু কেইটা আগতকৈ কিছু ভাল হৈছে। সকলোবোৰ ভালকৈ নেদেখিলেও মণিব পৰা হৈছে। কিন্তু নিজৰ সন্তানটোৰ মুখখন চোৱাৰ হেঁপাহ এতিয়াও আধৰুৱা হৈ আছে। চৰকাৰী ষড়যন্ত্ৰৰ বলি হৈ কাৰাগাৰৰ বন্ধ কুঠৰীত সোমাই থকা ল’ৰাটোৰ পৰা আই বোলা মাত এষাৰ শুনিবলৈ তেওঁৰ মন উচপিচাই থাকে।

ভাগি পৰে তেওঁ। বুঢ়া দেহটোৰ সৈতে মনটোও ভাগি চূড়মাৰ হৈ পৰে। এতিয়াও তেওঁ অসুস্থ। কাষত বিচাৰিলে পায় বোৱাৰীজনীক, নাতিয়েকটোক। কিন্তু নাপায় নিজৰ সন্তানটোক। বন্দী ল’ৰাটোৱে মাকৰ এই অসুখৰ কথা জানে বা নাজানে!

কাৰাবান্দী কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈক ভৰ্তি কৰা হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত। তিনিদিন ধৰি জ্বৰ, কাহত ভুগি থকা অখিল গগৈৰ মাতৃক কৃষক মুক্তি সংগ্ৰাম সমিতিৰে কেইজনমান সদস্যই মিলি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাইছে। বৰ্তমান চিকিৎসকে তেওঁৰ পৰীক্ষা-নিৰীক্ষা চলাই আছে।

এয়া মাতৃ প্ৰিয়দা গগৈৰ দেহৰ অসুখ। কিন্তু মনৰ অসুখ নিবাৰণৰ উপায় যে নাই! জীৱনৰ শেষ পৰত আহি উপস্থিত হোৱা মাতৃগৰাকীয়ে পুত্ৰৰ সান্নিধ্য বিচাৰি হাহাকাৰ কৰিবলগা হৈছে। একেই অৱস্থা অখিল গগৈৰ পত্নী গীতা আৰু একমাত্ৰ পুত্ৰ নাছিকেতাৰো। যোৱা প্ৰায় এবছৰে পিতৃৰ মুখ দেখা নাই নাছিকেতাই। পত্নী গীতাই এবাৰ নে দুবাৰ দূৰৈৰ পৰাই মুখখন দেখা পালেও মাত এষাৰ মাতিব পোৱা নাই। ক’ব পৰা নাই তেওঁলৈ বাট চাই চাই পাৰ কৰা দুৰ্বিসহ সময়ৰ কথাবোৰ। গীতা, নাছিকেতা বা মাতৃ প্ৰিয়দাই মানুহক দেখুৱাই হাঁহি এটা মাৰিলেও বুকুত তেওঁলোকৰ অমানিশাতকৈও গাঢ় এন্ধাৰ।

ডিচেম্বৰত অখিল গগৈৰ জামিন মঞ্জুৰ হোৱাৰ সম্ভাৱনা আছে। সকলো ঠিকে ঠাকে থাকিলে হয়তো ডিচেম্বৰত অখিলে দেখা পাব মাকৰ মুখখন, বহুদিনৰ পিছত ল’ৰাটোৰ সৈতে এখন্তেক সময় পাৰ কৰিব পাৰিব। কিন্তু ডিচেম্বৰলৈ মাজত এতিয়াও এমাহ বাকী। তাৰ আগতেই যদি চৰকাৰৰ শিকলিয়ে পুনৰ বান্ধি পেলাই অখিল গগৈৰ মুকলি হ’বধৰা দুহাত….!

অখিল গগৈ মুক্ত হওঁক। ৰুগীয়া মাতৃৰ কাষত থিয় হৈ এবাৰ কওক- আই, মই অখিল…।