অসহায় যুৱতীক ৰে’ল ষ্টেছনত বলাৎকাৰ ৰে’ল বিভাগৰ বিষয়াৰ…

91

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ ৰে’লৱে ষ্টেছনত ৰে’লৱে বিভাগৰ দুগৰাকী উচ্চপদস্থ বিষয়াই এগৰাকী এগৰাকী যুৱতীক গণধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে দুয়োগৰাকী ৰে’ল বিষয়াক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

নিৰ্যাতিতাৰ অভিযোগ অনুসৰি ছ’চিয়েল মিডিয়া ফেচবুকৰ জৰিয়তে ভূপাল ৰে’লৱে ষ্টেছনৰ এগৰাকী বিষয়াৰ সৈতে চিনাকি হৈছিল উত্তৰ প্ৰদেশৰ যুৱতীগৰাকীৰ। তাৰ পিছত ৰে’ল বিষয়াজনে যুৱতীগৰাকীক চাকৰি দিয়াৰ প্ৰলোভন দি ভূপাললৈ মাতি পঠিয়ায়। যুৱতীগৰাকীয়ে বিষয়াজনৰ কথামতে ভূপাল ৰে’লৱে ষ্টেছনত উপস্থিত হোৱাৰ পিছতে আন এজন ৰে’ল বিষয়াৰ সৈতে মিলি ষ্টেছনৰ নিজৰ কোঠাত বলাৎকাৰ কৰে যুৱতীগৰাকীক।

২২ বৰ্ষীয় যুৱতীগৰাকীৰ অভিযোগ মতে, তেওঁ যেতিয়া ৰে’লৱে ষ্টেছনত উপস্থিত হৈছিল তেতিয়া প্ৰথম মহলাত থকা নিজৰ কোঠালৈ মাতি নিছিল ৰে’ল বিষয়াজনে। তাত যুৱতীগৰাকীক নিচাযুক্ত দ্ৰব্যমিহলী পানী খাবলৈ দিয়ে আৰু যেতিয়া যুৱতীগৰাকী অচেতন হৈ পৰে তেওঁক বলাৎকাৰ কৰে। এই দুষ্কৰ্ম সংঘটিত হোৱাৰ পিছতে যুৱতীগৰাকীয়ে জিআৰপিত অভিযোগ দাখিল কৰাত ভূপাল ৰে’লৱে ডিভিজনৰ জৰুৰীকালীন প্ৰৱন্ধক ইনচাৰ্জ তথা চিকিউৰিটী কাউন্সেলৰ ৰাজেশ তিৱাৰীক গ্ৰেপ্তাৰ কৰা হয়। এই ঘটনাৰ অন্য এজন অভিযুক্তক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই।