অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ পেঞ্চনাৰ সন্থাৰ “অসম আৰোগ্য নিধিলৈ” ৫০ হাজাৰ টকাৰ বৰঙণি

114

ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ প্ৰতিৰোধ সংগ্রামৰ বাবে অসম চৰকাৰে জনোৱা আহ্বান অনুসৰি অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ পেঞ্চনাৰ সন্থাই অসম আৰোগ্য নিধিলৈ ৫০ হাজাৰ টকাৰ বৰঙণি আগবঢ়ায়। সন্থাৰ সভাপতি টংকেশ্বৰ শর্মা পৰাশৰ আৰু সাধাৰণ সম্পাদক পদ্ম ধৰ ডেকাই কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে সকলো ক্ষেত্ৰতে চৰকাৰক সহায়-সহযোগিতা আগবঢ়াবলৈ সন্থাৰ সমূহ বিষয়ববীয়া আৰু সদস্যক আহ্বান জনায়।