ষ্টাফৰিপৰ্টাৰ, এই মৃত্যু অপৰাজেয়। মণিপুৰত উগ্ৰপন্থীৰ বিৰুদ্ধে সাহসেৰে যুঁজি প্ৰাণ আহুতি দিয়া অসম ৰাইফলছৰ হাবিলদাৰ প্ৰণয় কলিতাৰ বজালী অঞ্চলৰ ঘটবৰ সাদেৰী গাঁওস্থিত বাসগৃহত উপস্থিত হৈ বীৰ শ্বহীদগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই এনেদৰে কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দেশমাতৃৰ বীৰ সন্তান প্ৰণয় কলিতাৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা আৰু সহমৰ্মিতা প্ৰকাশ কৰে আৰু অসম চৰকাৰৰ তৰফৰপৰা ২০ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায় মুখ্যমন্ত্ৰী গৰাকীয়ে। বীৰ শ্বহীদৰ মহান ত্যাগক কোনো মূল্যৰেই জুখিব নোৱাৰি। এই শোকস্তব্ধ সময়ত সমগ্ৰ দেশবাসী তথা অসমৰ জনগণ প্ৰণয় কলিতাৰ পৰিয়ালৰ লগত আছে।বীৰ সৈনিক প্ৰণয় কলিতাৰ স্বদেশপ্ৰেম, মহান ত্যাগ আৰু বীৰত্বই নতুন প্ৰজন্মক দেশৰ বাবে সমৰ্পিতভাবেৰে আগুৱাই যাবলৈ সদায়ে অনুপ্ৰেৰণা যোগাব। তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ-এনেদৰে কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।
Latest article
বাজাজ এলিয়াঞ্জে তৎক্ষণাত, বাধাহীন জলবায়ুৰ বিপদাশংকা আৱৰণৰ বাবে আগবঢ়াইছে ক্লাইমেটছেফ
বাজাজ এলিয়াঞ্জ জেনেৰেল ইঞ্চুৰেন্সে জলবায়ুৰ বিপদৰ পৰা তৎক্ষণাত সুৰক্ষা প্ৰদান কৰা ভাৰতৰ প্ৰথমটো পেৰামেট্ৰিক বীমা সামগ্ৰী ক্লাইমেটছেফ মুকলি কৰিলে। খুচুৰা গ্ৰাহক, গিগ কৰ্মী, কাৰ্যালয়লৈ...
পহিলা মে’ত গুৱাহাটীত অধ্যাপক শৰৎ মহন্ত স্মাৰক বক্তৃতানুষ্ঠান
ৰাজ্যৰ এজন বিশিষ্ট শিক্ষাবিদ, ইতিহাসবিদ, সমাজকর্মী তথা মানৱ অধিকাৰৰ অগ্ৰণী প্ৰৱক্তা , অধ্যপক শৰৎ মহন্তৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি অহা ১ মে'ত অধ্যাপক...
বিশ্ব মেলেৰিয়া দিৱসৰ পূৰ্বে গুডনাইটে ভাৰতীয় পৰিয়ালৰ স্বাস্থ্যজনিত বিপদাশংকা সন্দৰ্ভত প্ৰকাশ কৰিছে এক সমীক্ষা...
দেশৰ ৮৭% আবাসীৰ মতে শিশুৰ নিদ্ৰাহীনতা অথবা ভালদৰে টোপনি নোহোৱাৰ ফলত সমগ্ৰ পৰিয়ালটোৰ স্বাস্থ্য আৰু জীৱনধাৰাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। বিশ্ব মেলেৰিয়া দিৱসৰ পূৰ্বে...