অসম সাহিত্য সভাৰ ৰামধেনু উপসমিতিৰ সভা সম্পন্ন

94

ষ্টাফৰিপৰ্টাৰ, ‘ওঠৰৰ পৰা পায়ত্ৰিছ বছৰৰ অনুৰ্ধ্ব যুৱ চামক অসম সাহিত্য সভালৈ আকৰ্ষিত কৰিবলৈ প্ৰাক্তন সভাপতি বিশিষ্ট সাহিত্যিক ৰং মিলিৰ হাঁহিৰ স্ৰষ্টা ৰং বং তেৰাং আৰু সেইসময়ৰ প্ৰধান সম্পাদক ড ০ পৰামা নন্দ ৰাজবংশীয়ে ৰামধেনু উপসমিতিৰ সৃষ্টি কৰিছিল-২০২০-২২ বৰ্ষৰ ৰামধেনু উপাসমিতিৰ গুগুল মিত যোগে অনুষ্ঠিত সভাত আহ্বায়ক মানিক আহমেদে উদেশ্য ব্যাখ্যা কৰি এইদৰে কয়। সভাৰ আৰম্ভণিতে প্ৰধান সম্পাদক যাদৱ শৰ্মাই সমূহ মনোনীত সদস্যক আদৰণি জনায় বক্তব্য আগবঢ়োৱাৰ পাছতেই কাৰ্যকৰী সভাপতি বীৰেন বৰুৱাই ৰামধেনু উপ সমিতিৰ লক্ষ্য , আগন্তুক কৰিব লগীয়া কাৰ্যসূচী সম্পৰ্কত সকলোৰে মতামত বিচাৰে।
এই উপসমিতিয়ে যুৱক যুৱতী,ছাত্ৰ ছাত্ৰী সকলৰ মন:পুত বিষয় বস্তু বাছনি কৰি বাস্তৱ সন্মত পদক্ষেপ গ্ৰহণ কৰিব লাগিব যাতে ঋণাত্মক সমালোচনা পৰিহাৰ কৰি অসমীয়া ভাষা সাহিত্য অধ্যয়ন অভ্যাস গঢ়ি তুলি ভাষা,সাহিত্য, সংস্কৃতিৰ ধাৰা বোৱতী নদীৰ দৰে প্ৰবাহ মান হৈ থকাৰ পৰিবেশ সৃষ্টি কৰিব পাৰে এইদৰে অসম সাহিত্য সভাৰ মুখপাত্ৰ ড ০ সঞ্জীৱ কুমাৰ শৰ্মাই ভাষণ প্ৰসংগত আহ্বান জনায়। তেওঁ অসমৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহত সভাৰ শাখা গঠন কৰি সকলোকে সভাৰ সৈতে জড়িত কৰাৰ দুৱাৰ মুকলি কৰিবলৈ আহ্বান জনায়। উপসমিতি খনৰ উপসভাপতি ড০ মৰমী বৰঠাকুৰে বৰ্তমান পৰিস্থিতিত ধনাত্মক দৃষ্টিভংগীৰ বিষয় বস্তুৰে আমি সকলোৱে আগবাঢ়িব লাগিব বুলি মন্তব্য কৰে। সভাত উপস্থিত থাকি সকলোকে সম্ভাষন জনোৱাৰ লগতে এটি সুন্দৰ গীত পৰিবেশন কৰে লোকসংগীতৰ জনপ্ৰিয় শিল্পী জিনা ৰাজকুমাৰী।সভাত কাৰুনকান্ত কলিতা,গুণ ভূঞা, কৰুণা মোহন শৰ্মা,মোহন মৰাণ,অনুপম লস্কৰ,আবু মতলিব প্ৰমুখ্যে কেবা গৰাকী কৰ্মকৰ্তা ই বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়। সভাখনৰ কাৰিকৰী দিশ পৰিচালনা কৰাৰ লগতে সকলোকে স্বাগতম জনায় যোৰহাট কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ৰমনন্দন বৰাই।