অসম-মেঘালয় সীমান্তৰ গুলীচালনাৰ ঘটনাক লৈ ২ জনৰ বিৰুদ্ধে গোচৰ ৰুজু অসম আৰক্ষীৰ…

146

গুৱাহাটীঃ শেহতীয়াকৈ অসম-মেঘালয় সীমান্তত সংঘটিত গুলীচালনা কাণ্ডৰ সৈতে জড়িত দুজন ব্যক্তিৰ বিৰুদ্ধে বুধবাৰে গোচৰ ৰুজু কৰা হৈছে।

উল্লেখ্য যে, এই গুলীচালনাৰ ঘটনাত এজন বনকৰ্মীসহ মৃত্যু ঘটিছিল ৪ জনকৈ লোকৰ।

সূত্ৰ অনুসৰি পশ্চিম কাৰ্বি আংলঙৰ অধীনস্থ জিৰিকিণ্ডিং আৰক্ষীয়ে মুক্ৰ গাঁওবুঢ়া তথা জয়ন্তীয়া পাহাৰ জিলা পৰিষদৰ সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

মাইক্ৰ’ফোনৰ জৰিয়তে আৰক্ষী আৰু বন বিভাগৰ জোৱানক আক্ৰমণ কৰিবলৈ প্ৰধান গৰাকীয়ে মুক্ৰ’ৰ স্থানীয় ৰাইজক উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰে।

অৱশ্যে বৰ্তমান পলাতক অৱস্থাত আছে গাঁওবুঢ়াজন।

উল্লেখযোগ্য যে মঙলবাৰে পুৱা পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত জিৰিকিণ্ডিং আৰক্ষী থানাৰ অন্তৰ্গত মুক্ৰ’ত অসম বন বিষয়া আৰু অচিনাকি দুষ্কৃতিকাৰীৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে, ফৰেষ্ট পাৰ্টিয়ে অবৈধ কাঠ সৰবৰাহ কৰা এখন ট্ৰাক বন্ধ কৰাৰ চেষ্টা চলাইছিল।

যেতিয়া বন দলৰ লোকে ট্ৰাকখন ৰখাই দিয়ে তেতিয়া তেওঁলোকক ঘেৰাও কৰে অচিনাকি দুষ্কৃতিকাৰীয়ে আৰু হিংসাৰ আশ্ৰয় লয়। প্ৰাণ ৰক্ষাৰ স্বাৰ্থত বনদলটোৱে গুলীচালনাৰ আশ্ৰয় লয়। এই ঘটনাত তিনিজন সাধাৰণ নাগৰিক আৰু এজন বনৰক্ষীৰ মৃত্যু হয়।