অসম-মেঘালয় সীমান্তৰ গুলীচালনাৰ ঘটনাৰ তদন্তৰ বাবে তদন্ত আয়োগ গঠন অসম চৰকাৰৰ

209

গুৱাহাটীঃ অসম-মেঘালয় সীমান্তত সংঘটিত গুলীচালনাৰ ঘটনাৰ তদন্তৰ বাবে এক তদন্ত আয়োগ গঠন কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে।

মঙলবাৰে পশ্চিম কাৰ্বি আংলঙৰ মুকৰোত সংঘটিত অশান্তিকৰ ঘটনাত মুঠ ছয়জন লোকৰ প্ৰাণহানি হোৱাৰ পিছত অঞ্চলটোত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে এই কথা প্ৰকাশ পাইছে।

অসম চৰকাৰৰ এক অধিসূচনাত অৱগত কৰা হৈছে যে উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধীনত ঘটনাৰ তথ্য, পৰিস্থিতি আৰু সঠিক কাৰণ জানিবলৈ ন্যায়িক তদন্ত আৰম্ভ কৰা হৈছে।

তদুপৰি অসম চৰকাৰে কৰ্তব্যত ব্যৰ্থ হোৱাৰ বাবে আৰক্ষী বিষয়াসকলৰ নিলম্বনৰ নিৰ্দেশ অনুমোদন জনাইছে। জাননীখনত পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক ইমদাদ আলীক বদলি কৰাৰ বিপৰীতে জিৰিকিণ্ডিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (অ’ চি) কাজল নাথক নিলম্বন কৰা হৈছে বুলি জানিব পৰা গৈছে।

তদুপৰি খেৰণি বনাঞ্চলৰ বন সুৰক্ষা বিষয়া শিকাৰি ইংহিকো তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে।

ইফালে, গুলীচালনাৰ ঘটনাত নিহত হোৱা ছয়জন লোকৰ আত্মীয়ক ৫ লাখকৈ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে অসম চৰকাৰে।

ৰাজ্য চৰকাৰে লগতে জনাইছে যে এই কাণ্ডৰ সৈতে জড়িত আৰক্ষী আৰু বন বাহিনীৰ সকলো জোৱান, যাৰ নাম সন্মুখলৈ আহিছিল, তেওঁলোকৰ নিজ নিজ সংৰক্ষিত বনাঞ্চলত বন্ধ কৰি দিয়া হ’ব।

মন কৰিবলগীয়া যে যোৱা নিশাৰ ভাগত বন বিভাগৰ বিষয়াৰ কেম্প ছাইটত জুই লগাই দিয়া হয়, খবৰ অনুসৰি মুকৰ’ত দুষ্কৃতিকাৰীৰ দল এটাই এই ঘটনা সংঘটিত কৰে।