অসম-মিজোৰাম সীমান্তত সংঘটিত বৰ্বৰ ঘটনাৰ বিৰুদ্ধে হাইলাকান্দিত স্থানীয় ৰাইজৰ প্ৰতিবাদ

2744

ডিজিটেল ডেস্কঃ ২৬ জুলাইত অসম-মিজোৰাম সীমান্তৰ কাছাৰ জিলাৰ লায়লাপুৰত সংঘটিত ৰক্তাক্ত পৰিস্থিতিয়ে জোকাৰি গৈছে সমগ্ৰ দেশ। ইতিহাসৰ পাতত এটা ক’লা দিন হিচাপে লিপিবদ্ধ হোৱা এই দিনটোতে মিজোৰাম আৰক্ষী আৰু দুৰ্বৃত্তৰ গুলীত নিহত হয় ৫ গৰাকী অসম আৰক্ষীৰ জোৱান আৰু এজন সাধাৰণ নাগৰিক। এই ঘটনাত আৰক্ষীসহ ৮০ জনকৈ লোক আহত হয়।

মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ আক্ৰমণত শ্বহীদ হোৱা অসম আৰক্ষীৰ জোৱানৰ পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবী উত্থাপন হৈছে। ইফালে মঙলবাৰে হাইলাকান্দিৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি মিজোৰামৰ বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে।

নিহত আৰক্ষী জোৱানৰ ঘৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি স্থানীয় ৰাইজে নিহত জোৱানৰ পৰিয়াললৈ এক কোটি টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়। লগতে ৰাইজে অৰ্থনৈতিক অৱৰোধেৰে মিজোৰামক উচিত প্ৰত্যুত্তৰ দিয়াৰো দাবী জনায়।