অসম-মিজোৰাম সীমান্তত বোমা উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

9093

অসম-মিজোৰাম সীমান্তত বোমা উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য।

ধলাইৰ খুলিছড়াত বৃহস্পতিবাৰে পুৱা উদ্ধাৰ হয় এটা বোমা।

ইয়াৰ পিছতে ঘটনাস্থলীত কাছাৰ আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ উদ্ধাৰ কৰে বোমাটো।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও একেটা স্থানতে আন এটা শক্তিশালী বোমা উদ্ধাৰ হৈছিল।

বোমা উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে।

প্ৰণিধানযোগ্য যে, অসম-মিজোৰাম সীমান্তত সীমা সমস্যাক লৈ বহুদিনৰ পৰাই সংঘাত সৃষ্টি হৈ আহিছে।

এনে পৰিপ্ৰেক্ষিতত সীমান্তৱৰ্তী এলেকাত এনেদৰে শক্তিশালী বোমা উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰো।

ঘটনা সন্দৰ্ভত কাছাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বোমাটো কোনে পেলাই থৈ গৈছিল সেয়া এতিয়াও নিশ্চিত হোৱা নাই।