অসম-মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি, মিজো দুৰ্বৃত্তৰ আক্ৰমণত আহত ৭গৰাকী অসম আৰক্ষীৰ জোৱান

1719

পুনৰ উত্তপ্ত হৈ পৰিছে অসম-মিজোৰাম সীমান্ত। লায়লাপুৰত অসমৰ ভূমি বেদখল কৰা মিজোক খেদিবলৈ যাওতেই সোমবাৰে অসম আৰক্ষীৰ ওপৰত আক্ৰমণ চলায় মিজো দুৰ্বৃত্তই। মিজো দুৰ্বৃত্তৰ গুলীত অসম আৰক্ষীৰ ৭জনকৈ জোৱান আহত হয়। ইফালে কাছাৰ জিলা উপায়ুক্তৰ বাহনতো আক্ৰমণ চলায় মিজো দুৰ্বৃত্তই।

জানিব পৰা মতে, বৰ্তমানো অসম-মিজোৰাম সীমান্তত চেগা-চোৰোকাকৈ গুলীবৰ্ষণ কৰি আছে মিজো দুৰ্বৃত্তই। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিশাল পৰিমাণ অসম আৰক্ষী সীমান্তত মোতায়েন কৰা হৈছে। ইফালে মিজো দুৰ্বৃত্তৰ আক্ৰমণত আহত আৰক্ষী জোৱান কেইজনক শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছে।