ষ্টাফৰিপৰ্টাৰ, অসম মহিলা সংঘই মূল্যবৃদ্ধিৰ বিৰুদ্ধে দেওবাৰে প্ৰতিবাদ সাব্যস্ত কৰে। সংঘৰ সদস্য সকলে সামাজিক দূৰত্ব ৰক্ষা কৰি হাতে হাতে প্লে কাৰ্ড লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। এই কাৰ্যসূচীৰ জৰিয়তে অসম মহিলা সংঘৰ ৰাজ্যিক সম্পাদক অসমী গগৈয়ে কয় “
লকডাউনৰ ফলত গুৱাহাটীৰ লগতে বিভিন্ন প্ৰান্তত এচাম অসাধু বেপাৰীয়ে অত্যাৱশ্যকীয় সামগ্রীৰ অস্বাভাৱিক মূল্যবৃদ্ধি ঘটাই সৰ্বসাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ শোধাইছে। চৰকাৰে লকডাউন ঘোষণা কৰিয়েই ৰাইজক জাননী দিলে ১৪ দিনৰ খাদ্য দুদিনতে সংগ্ৰহ কৰিবলৈ। ফলত ক্রেতাসকল উবুৰি খাই পৰিল আৰু তাৰেই সুবিধা ললে মুনাফাখোৰ বণিক গোষ্ঠীয়ে। বস্তুৰ কৃত্ৰিম নাটনি সৃষ্টি কৰি শাক-পাচলিৰ পৰা অন্যান্য খাদ্য বস্তুৰ অকল্পনীয় দাম বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত নিম্ন মধ্যবিত্ত সকলে খাদ্যবস্তু ক্ৰয় কৰিবলৈ অসমৰ্থ হ’ল। চৰকাৰে লকডাউন ঘোষণা কৰাৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত কঠোৰভাৱে মূল্য নিয়ন্ত্ৰণ কৰিব লাগিছিল কিন্তু তাকে নকৰি অসাধু বণিক গোষ্ঠীক সন্তুষ্টহে কৰিলে।”উল্লেখ অসম মহিলা সংঘই মূল্যবৃদ্ধিৰ প্ৰতিবাদত দেওবাৰে গুৱাহাটীৰ ৰাজগড়ৰ লগতে আন কেইবাখনো জিলা ক্ৰমে যোৰহাট, শিৱসাগৰত সদস্যই সকলে সামাজিক দূৰত মানি দাবী সম্বলিত প্লেকাৰ্ড বিক্ষোপ প্ৰদৰ্শন কৰে।
