লোকসভাৰ অধ্যক্ষ ওম বিৰলাই শুকুৰবাৰে বিধানসভাৰ কেন্দ্ৰীয় হলত আনুষ্ঠানিকভাৱে অসম বিধানসভা ডিজিটেল টিভি মুকলি কৰে।
লোকসভাৰ অধ্যক্ষগৰাকীক গাৰ্ড অৱ অনাৰেৰে আদৰণি জনায়।
অসম বিধানসভাত ডিজিটেল টিভি উদ্বোধন কৰি ওম বিৰলাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ, বি আৰ আম্বেদকাৰ, ভূপেন হাজৰিকাক স্মৰণ কৰে। “বেছিভাগ দেশে ভাৰতৰ সংবিধান অনুসৰণ কৰে। বিধানসভাখন জনসাধাৰণৰ বাবে কল্যাণমূলক কামৰ বাবে জনাজাত। ভাৰত এখন গণতান্ত্ৰিক দেশ আৰু গণতন্ত্ৰক সন্মান কৰাটো প্ৰতিজন বিধায়ক আৰু মন্ত্ৰীৰ দায়িত্ব।” -বিৰলাই কয়।
তেওঁ লগতে কয় যে বিধানসভাৰ সকলো সদস্যই জনসাধাৰণৰ প্ৰতিনিধি আৰু বিধানসভাৰ জনসাধাৰণৰ সমস্যাক আগুৱাই অনাটো বিধায়কসকলৰ দায়িত্ব। জনসাধাৰণৰ সমস্যা সমাধানৰ বাবে জন প্ৰতিনিধিও দায়বদ্ধ হ’ব লাগে।
অধ্যক্ষগৰাকীয়ে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া প্ৰতিদিন টাইমৰ এচিভাৰ বঁটা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। তাৰ পিছত তেওঁ কামাখ্যা মন্দিৰ দৰ্শন কৰি দিল্লীলৈ উভতি যাব।
