অসম বিজেপিৰ ভিতৰচ’ৰাত বিদ্ৰোহৰ উকমুকনি…

86

গুৱাহাটীঃ অসম বিজেপিৰ ভিতৰচ’ৰাত এতিয়া আৰম্ভ হৈছে বিদ্ৰোহৰ। দৰাচলতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সৰভোগত শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি উন্মোচনী সভাত বিধায়কৰ কাম নাই বুলি মন্তব্য কৰাৰ পিছতে এতিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰিছে একাংশ বিজেপি বিধায়ক।

দেওবাৰে অনুষ্ঠিত হোৱা বিজেেপিৰ বিধায়িনী দলৰ বৈঠকত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতা কৰি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই প্ৰশ্ন কৰে যে কেৱল বিৰোধী বিধায়কৰে কাম নাথাকিব নে বিজেপি বিধায়কৰো কাম নাথাকিব? জনতাই নিৰ্বাচিত কৰা বিধায়কক গুৰুত্বহীন কৰি তোলা মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছত বিজেপি বিধায়ক মৃণাল শইকীয়াই বিধায়িনী দলৰ বৈঠকত এই প্ৰশ্ন কৰাৰ পিছতে বৈঠকত উপস্থিত বিধায়কসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

উল্লেখ্য যে, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পন্থী বুলি পৰিচিত। ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হব বুলি নিশ্চিত হোৱাৰ পিছতে ছ’চিয়েল মিডিয়াত সৰ্বানন্দ সোণোৱালৰ সৈতে উঠা ফটো শ্বেয়াৰ কৰি আক্ষেপ ব্যক্ত কৰিছিল মৃণাল শইকীয়াই।

ইফালে হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষেও চৰকাৰী নীতি-সিদ্ধান্তৰ বিৰোধিতা কৰে বিধায়িনী দলৰ বৈঠক। তাৰ পিছতে দুয়োগৰাকী বিধায়কক একপ্ৰকাৰ ধমক প্ৰদান কৰি মুখবন্ধ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ দুই বিধায়কক ধমক দিয়াৰ সুৰত কয় যে যদি শাসকীয় দলৰ মন্ত্ৰী আৰু বিধায়কেই কাম নকৰে, তেন্তে কোনে কাম কৰিব। বিধায়িনী দলৰ বৈঠকত বিজেপিৰ লগতে মিত্ৰদল অসম গণ পৰিষদ আৰু ইউপিপিএলৰ বিধায়ক সকলো উপস্থিত থাকে।