অসম-বংগ সীমান্তত দুখন ট্ৰাকৰ সংঘৰ্ষত নিহত ট্ৰাকচালক

87

আলীপুৰদুৱাৰৰ অসম-বংগ সীমান্তৰ বাৰোবিছাত আজি পুৱা সংঘটিত দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষত এজন লোকৰ মৃত্যু ঘটে। জানিব পৰা মতে, বিপৰীত দিশৰ পৰা আহি থকা তীব্ৰবেগী ট্ৰাক দুখনে নিয়ন্ত্ৰণ হেৰুৱাই মুখামুখি খুন্দা মাৰে। যাৰ ফলত দুয়োখন ট্ৰাকৰ চালক-হেণ্ডিমেন গুৰুতৰভাৱে আহত হয়।

পিছত স্থানীয় ৰাইজে উদ্ধাৰ কৰি আটাইকেইজনকে স্থানীয় হাস্পতাললৈ প্ৰেৰণ কৰে যদিও ইতিমধ্যে এজন ট্ৰাক চালকৰ মৃত্যু ঘটে। ঘটনাক কেন্দ্ৰ কৰি শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত।