মঙলবাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হৈছে জুবেইৰ আনম মজুমদাৰ।
৬২ হাজাৰৰো অধিক ভোটেৰে জুবেইৰে নিৰ্বাচনত জয়লাভ কৰাৰ বিপৰীতে পৰিতোষ ৰয়ে ৫৪,১১৩টা আৰু ডেভিদ ফুকনে ১৮,৬৯৬টা ভোট লাভ কৰে।
ইয়াৰ পূৰ্বে জুবেইৰ অসম যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদকৰ পদত আছিল।
