অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত কৃষক বিৰোধী ক’লা আইন বাতিলৰ দাবীত প্ৰতিবাদ

59

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত কৃষক বিৰোধী কলা আইন বাতিলৰ দাবীত আৰু পেট্ৰল,ডিজেল,ৰন্ধন গেছকে ধৰি নিত্য-ব্যৱহাৰ্য সা-সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত “কৃষক অধিকাৰ দিৱসেৰে” ৰাজভৱন ঘেৰাও” কাৰ্য্যসূচী ৰূপায়ন কৰে।গুৱাহাটী ক্লাৱ ৰটাৰীৰ পৰা ৰাজ ভৱন লৈ প্ৰতিবাদী যাত্ৰা কৰা কথা আছিল। যদিও আৰক্ষীয়ে গুৱাহাটী ক্লাৱতে প্ৰতিবাদকাৰী সকলক আটক কৰে । প্ৰতিবাদত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা,নগাওঁ সাংসদ প্ৰদ্যুত বৰদলৈ, প্ৰাক্তন মন্ত্ৰী অকণ বৰা আদিকে ধৰি বহু কংগ্ৰেছী নেতা আৰু কর্মীয়ে অংশগ্ৰহণ কৰে। বি জে পি চৰকাৰ হায় হায়, সৰ্বানন্দ সোনোৱাল মূর্দাবাদ, হিমন্ত বিশ্ব মূর্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী।