অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত পহিলা আগষ্টৰ পৰা ৩১ আগষ্টলৈ ৰাজ্যজুৰি ২৬,০০০ বুথ সমিতিত “বুথলৈ যাওঁ আহক”শীর্ষক ব্যাপক সাংগঠনিক কাৰ্য্যসূচী গ্ৰহণ

92

ষ্টাফৰিপৰ্টাৰ, আগন্তুক বিধানসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সাংগঠনিক তৎপৰতা তৃণমূলৰলৈকে সক্ৰিয় আৰু শক্তিশালী কৰাৰ উদ্দেশ্য প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰাজ্যখনৰ প্ৰতিটো ভোট গ্রহণ কেন্দ্রৰ অন্তৰ্গত কংগ্রেছ দলৰ প্ৰায় ২৬০০০ বুথ কমিটিত পহিলা আগষ্টৰ পৰা ৩১ আগষ্টলৈ “বুথলৈ যাওঁ আহক” শীর্ষক এক ব্যাপক সাংগঠনিক কাৰ্য্যসূচী গ্ৰহণ কৰিছে । এই ২৬ হাজাৰ বুথ সমিতিৰ সৰহসংখ্যকতে দলৰ শক্তিশালী বুথ সমিতি আছে যদিও এই কাৰ্য্যসূচীৰ যোগেদি এই সমিতিসমূহক আৰু অধিক শক্তিশালী তথা সক্ৰিয় কৰি তোলাৰ উদ্দেশ্যেই উক্ত সমিতিসমূহৰ পুনৰ গঠন আৰু নতুন সদস্যৰ সংযোজন কৰা হ’ব। ৩১ আগষ্টৰ ভিতৰত প্ৰতিটো বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বুথ কমিটিৰ গঠন সম্পূর্ণ কৰিব লাগিব। প্ৰতিখন বুথ কমিটিত নিম্নতম ২১ জন সদস্য, সদস্যা থকাটো নিতান্তই প্রয়োজন। এই কমিটিসমূহ পুনৰ গঠন কৰোঁতে মহিলা কংগ্রেছ, সেৱা দল, যুৱ কংগ্রেছ, এন এচ ইউ আই আৰু ইয়ং বিগ্ৰেডৰ সক্ৰিয় সদস্যসকলক অগ্রাধিকাৰ দিয়াটো বাঞ্চনীয়। ১০ ছেপ্টেম্বৰৰ ভিতৰত প্ৰতিখন জিলা কংগ্রেছ কমিটিয়ে নিজ জিলাৰ প্ৰতিটো বিধানসভা সমষ্টিৰ অন্তৰ্গত সকলো বুথ সমিতিৰ সম্পূর্ণ তালিকা ই-মেইল যোগে প্ৰদেশ কংগ্ৰেছ কমিটিলৈ পঠিয়াব লাগিব। মাহজোৰা এই সমগ্র বুথ কমিটি গঠন কাৰ্য্যসূচী স্হানীয় বিধায়ক, সাংসদ, প্ৰাক্তন বিধায়ক, প্ৰাক্তন সাংসদ আৰু সংশ্লিষ্ট বিধানসভা সমষ্টিৰ প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াৰ দিহা-পৰামর্শ আৰু সহযোগত কৰিব লাগিব। লগতে উল্লেখিত দলীয় নেতাসকলৰ লগতে জিলা কংগ্রেছৰ সভাপতি আৰু বিষয়ববীয়া, ব্লক কংগ্রেছৰ সভাপতি আৰু বিষয়ববীয়াসকলো নিজৰ নিজৰ বুথ সভাত উপস্থিত থকাৰ ওপৰিও পাৰ্যমানে অন্যান্য বুথ সমিতিৰ সভাটো উপস্থিত থকাটো বাঞ্চনীয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই অসমৰ প্ৰতিজন কংগ্রেছ নেতা, কৰ্মী,সদস্যকেই এই “বুথলৈ যাওঁ আহক” কাৰ্য্যসূচীত সক্ৰিয়ভাৱে ব্যাপক হাৰত অংশগ্রহণ কৰি কাৰ্য্যসূচী সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনাইছে।