অসম প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাত, দায়িত্ব এৰিলে সাধাৰণ সম্পাদক ৰূপেশ গোৱালাই

81

নিৰ্বাচনৰ প্ৰাকক্ষণত ক্ৰমাৎ স্থিতি হেৰুৱাইছে কংগ্ৰেছে। কংগ্ৰেছৰ এজনৰ পিছত এজন শীৰ্ষ নেতাই দল ত্যাগ কৰাৰ পিছতে এইবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সকলো দায়িত্ব ত্যাগ কৰিলে ৰূপেশ গোৱালাই। অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা সাধাৰণ সম্পাদকৰ দায়িত্বত থকা ৰূপেশ গোৱালাই বুধবাৰে দলৰ দায়িত্বৰ পৰা আনু্ষ্ঠানিকভাৱে অব্যাহতি লয়।

উল্লেখ্য যে, ৰূপেশ গোৱালাই দলীয় দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ কাৰণ ব্যক্তিগত বুলি জনালেও কিছু দিনৰ পৰা চলি থকা তেওঁৰ বিজেপি গমণৰ চৰ্চাই গোৱালাই দায়িত্ব এৰাৰ কাৰণত সন্দেহৰ সৃষ্টি কৰিছে। অৱশ্যে ৰূপেশ গোৱালাই দায়িত্ব এৰিলেও কংগ্ৰেছৰ হৈ কাম কৰি যাব বুলি মন্তব্য কৰে।