ৰাজ্যত এতিয়াও ভয়াবহ ৰূপ ধাৰণ কৰিছে আছে মহামাৰী কোৰোনাই। প্ৰতিদিনেই শ শ লোক এই মহামাৰীত আক্ৰান্ত হৈছে। মৃত্যু ঘটিছে বহু কেইজনৰ। কমলপুৰৰ আঠিয়াবৈ বনমাজা স্বাস্থ্য কেন্দ্ৰতো দৈনিক হৈ থকা স্বাস্থ্য পৰীক্ষাত ১০ জনতকৈ অধিক লোকৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰি আহিছে।
এনে পৰিপ্ৰেক্ষিতত এক প্ৰশংসনীয় পদক্ষেপ হাতত লৈ অসম ছাত্ৰ্ পৰিষদৰ কেইবাজনো সদস্যই আজি স্বাস্থ্য কেন্দ্ৰটোৰ ভিতৰ আৰু বাহিৰভাগ ছেনিটাইজেশ্যন কৰাৰ লগতে সাধাৰণ জনতাৰ মাজত মাস্ক বিতৰণ কৰে। অসম ছাত্ৰ পৰিষদৰ এনে পদক্ষেপৰ এতিয়া বহুতেই শলাগ লৈছে।
