অসম চৰকাৰে কেবিনেটত গৰীয়া, মৰিয়া, দেশী, জলহা আৰু চৈয়দ ৫ টা জনগোষ্ঠীক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি প্ৰদান কৰাত এক আনন্দ উল্লাসময় পৰিবেশ

365

অসম চৰকাৰে কেবিনেটত গৰীয়া, মৰিয়া, দেশী, জলহা আৰু চৈয়দ ৫ টা জনগোষ্ঠীক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি প্ৰদান কৰাত মুছলমান জনগোষ্ঠীয় লোক সকলোৰ মাজত এক আনন্দ উল্লাসময় পৰিবেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

এই উপলক্ষে আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত দেশী জনগোষ্ঠীয় মঞ্চ দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতিৰ উদ্যোগত আৰু দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চৰ সহযোগিতাত হাটশিঙিমাৰী মহাবিদ্যালয়ৰ পৰা সাংস্কৃতিক শোভাযাত্ৰা কৰি আনন্দ উল্লাস কৰি হাটশিঙিমাৰী প্ৰেছ ক্লাৱৰ সন্মুখত উপস্থিতহৈ নৃত্য প্ৰদৰ্শন কৰে ৷

সদস্য সকলে ফটকা ফুটুৱাই বিভিন্ন প্ৰতিধ্বনিৰে বিজয় উল্লাস পালন কৰে।

দেশী জনগোষ্ঠীক খিলঞ্জীয়া মুছলমান হিচাপে স্বীকৃতি প্ৰদান কৰাত অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ভূয়সী প্ৰশংসা কৰে ।