অসম গণ পৰিষদে প্ৰকাশ কৰিলে তৃতীয়খন প্ৰাৰ্থী তালিকা

74

অসম গণ পৰিষদে প্ৰকাশ কৰিলে তৃতীয়খন প্ৰাৰ্থী তালিকা। অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি তৃতীয় পৰ্যায়ত ১৩ গৰাকী প্ৰাৰ্থীৰ তালিকা আজি প্ৰকাশ কৰে অগপ নেতৃত্বই। অগপই প্ৰকাশ কৰা তৃতীয়খন প্ৰাৰ্থী তালিকাত আছে কল্পনা পাটোৱাৰী, ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নাম। সৰুক্ষেত্ৰীৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে কল্পনা পাটোৱাৰীক। সেইদৰে পশ্চিম গুৱাহাটীৰ পৰা পুনৰ এবাৰ অগপৰ টিকটত নিৰ্বাচন খেলিব ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

বঙাইগাঁৱত ফণীভূষণ চৌধুৰীক, ছয়গাঁৱত ডা০ কমলা কান্ত কলিতাক প্ৰদান কৰা হৈছে প্ৰাৰ্থিত্ব। উত্তৰ অভয়াপুৰীৰ পৰা ভূপেন ৰয় আৰু দক্ষিণ অভয়াপুৰীৰ পৰা পূৰ্ণেন্দু বণিক্যই অগপৰ টিকটত নিৰ্বাচনত অৱতীৰ্ণ হব। আনহাতে মানকাচাৰ বিধানসভা সমষ্টিত জাবেদ ইছলামক, পশ্চিম গোৱালপাৰাত শ্বেখ শ্বাহ আলম, পূব গোৱালপাৰাত জ্যোতিষ দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। ভৱানীপুৰত ড০ ৰঞ্জিত নাৰায়ণ ডেকাৰ লগতে চেঙা সমষ্টিত ৰবিউল হুছেইন, বকোত জ্যোতিপ্ৰসাদ দাস আৰু বৰপেটা সমষ্টিত গুণীন্দ্ৰ নাথ দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে অগপই।

২৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হবলগীয়া ৰাজ্যৰ বিধানসভা নিৰ্বাচনত এইবাৰ বিজেপিয়ে ৯২ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে মিত্ৰজোঁটৰ দল অগপই ২৬ খন আৰু ইউপিপিএলে ৯ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। আজি সন্ধিয়ালৈ বিজেপিও ১৯ গৰাকী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে।