অসম গণ পৰিষদত যোগদান কল্পনা পাটোৱাৰীৰ

95

ষ্টাফ ৰিপৰ্টাৰ: জনপ্ৰিয় কণ্ঠ শিল্পী তথা লোক সংগীতৰ সাধক কল্পনা পাটোৱাৰীয়ে আজি আনুষ্ঠানিক ভাৱে যোগদান কৰে অসম গণ পৰিষদ দলত। আজি মহানগৰীৰ আমবাৰীৰ স্থিত অসম পৰিষদৰ মুখ্য কাৰ্যলয়ত আয়োজিত এক যোগদান অনুষ্ঠানত সহ: শিল্পীসহ অংশগ্ৰহণ কৰে আঞ্চলিক দলটোত।

দলৰ সভাপতি অতুল বৰা কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, কমলা কলিতা, সত্যব্ৰত কলিতাৰ উপস্থিতিত দলত যোগদান কৰি কণ্ঠ শিল্পী গৰাকীয়ে কয় যে অসম গণ পৰিষদৰ দল এতিয়াও এক ঐতিহ্যমণ্ডিত দল হৈ আছে। আনহাতে জনপ্ৰিয় জনপ্ৰিয় কণ্ঠ শিল্পী গৰাকীৰ যোগদানৰ পিছতে উৎফুল্লিত হৈ পৰে দলৰ কৰ্ম কর্তা সকলৰ লগতে সভাপতি -সম্পাদক ।

ইপিনে আত্মবিশ্বাসী অতুল বৰাই কয় যে কল্পনা পাটোৱাৰীৰ যোগদানে দলক নতুন মাত্ৰা প্ৰদান কৰিব।